বিশ্বৰ পাঁচটা দুৰ্ধৰ্ষ চোৰাংচোৱা সংস্থা

topic-3-spy1topic3-spy-2 কোনো এখন দেশৰ চোৰাংচোৱা বাহিনীয়ে দেশখনৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে । দেশৰ ভিতৰে বাহিৰে সকলো সময়তেই শেন দৃষ্টিৰে সক্ৰিয় থাকি, দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ এক চিৰজাগ্ৰত প্ৰহৰী এই  সকল । দেশৰ প্ৰয়োজনত প্ৰাণ আহুতি দিবলৈও কুণ্ঠাববোধ নকৰা এই চোৰাংচোৱা সকলৰ বাবেই শান্তিৰে শুৱ পাৰে দেশৰ জনগণ । বিশ্বৰ প্ৰতিখন দেশৰে নিজস্ব এক শক্তিশালী  আৰু দুৰ্ধৰ্ষ চোৰাংচোৱা বাহিনী আছে । তাৰ মাজতো   বহু  কেইটা চোৰাংচোৱা বাহিনীয়ে  নিজৰ কাৰ্য কুশলতা আৰু সফলতাৰ দ্বাৰা অন্যৰ সমীহ আদায় কৰিবলৈ সক্ষম হৈছে । সন্ত্ৰাসবাদীকে আদিকৰি সমাজৰ অপশক্তি সমূহৰ বিভিন্ন দুষ্কৰ্ম সাধাৰণ জনতাৰ অগোচৰত কলিতেই নাশ কৰি সমাজ খনত শান্তি বৰ্তাই ৰখাতো মুখ্য ভূমিকাত আছে এই চোৰাংচোৱা সকল । আহকচোন জানো  বিশ্বৰ এনে পাঁচটা দুৰ্ধৰ্ষ চোৰাংচোৱা সংস্থাৰ বিষয়ে ।

১) মোচাড:  দা ইনষ্টিটিউট ফৰ ইনটেলিজেঞ্চ এণ্ড স্পেচিয়েল অ’পাৰেচন

 

ইজৰাইলৰ এই চোৰাংচোৱা বাহিনী, বিশ্বৰ সবাটোকৈ দুৰ্দান্ত আৰু দুৰ্ধৰ্ষ চিক্ৰেট চাৰ্ভিচ এজেঞ্চী । মোচাডৰ নাম শুনিলে শক্তিশালী আৰু খামিডাঠ প্ৰতিপক্ষৰ বুকুতো  কঁপনি উঠে । শ্বাপদৰ দৰে নিঃশব্দ আৰু  অতৰ্কিত আক্ৰমণৰে শত্ৰুপক্ষক ক্ষণিকতে নিঃশেষ কৰি দিয়াত মোচাড সিদ্ধহস্ত । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সুনিপুণ ঘাতক বাহিনী হিচাবে বিখ্যাত মোচাডৰ সদস্যসকলক জনা যায় ” মেটাচাডা ” নামেৰে ।১৯৪৯ চনৰ ১৩ ডিচেম্বৰত গঠন কৰা এই চোৰাংচোৱা বাহিনীটোৰ সদস্যই বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে গোপনে কাম কৰি আছে । বিশেষজ্ঞ সকলৰ মতে ইজৰাইলক বিশ্বই মোচাডৰ বাবেই সমীহ কৰিবলৈ বাধ্য । শত্ৰু পৃথিৱীৰ য’তেই লুকাই নাথাকক কিয় , তাক বিচাৰি উলিয়াই হত্যা বা গ্ৰেপ্তাৰ কৰাটো এই বাহিনীটোৰ বাবে তেনেই সাধাৰণ কাম । দেশে বিদেশে মোচাডে সফলতাৰে সম্পন্ন কৰিছে বহুটো লোমহৰ্ষক অভিযান । ইয়াৰ ভিতৰত ইহুদি হত্যাযজ্ঞৰ অন্যতম হোতা কুখ্যাত নাজী নেতা আইকমেনক আৰ্জেন্টিনাত গ্ৰেপ্তাৰ কৰি গোপনে ইজৰাইললৈ অনাটো মোচাডৰ অন্যতম সফলতা ।

২) বুন্দেসনছ্ৰিচটেনডিয়েনষ্ট  (বি এম ডি)

 

জাৰ্মানীৰ এই চোৰাংচোৱা সংস্থাটোক জনা যায়  ইলেক্ট্ৰনিক চাৰভেলেঞ্চ আৰু ৱায়াৰটেপিংঅত বিশ্বৰ ভিতৰত শ্ৰেষ্ঠতম হিচাবে  । দ্বিতীয় বিশ্বযুদ্ধৰ আগতে গঠন কৰা এই সংগঠনটোত প্ৰাৰম্ভিক পৰ্যায়ত কাম আছিল শত্ৰু দেশৰ গোপন ৰণকৌশলৰ সবিশেষ তথ্য উদ্ঘাটন কৰা । প্ৰায় ৪০০০ সদস্যযুক্ত এই সংস্থাটোৱে গোপনে বিদেশৰ মাটিত বহুকেইটা অভিযান সফলতাৰে ৰূপায়ণ কৰিছে । জাৰ্মানীলৈ আহিব পৰা আভ্যন্তৰীণ আৰু বৈদেশিক যিকোনো  সাম্ভাব্য বিপদৰ ওপৰত বিএমডিয়ে চোকা দৃষ্টি ৰাখে । ইয়াৰ উপৰিও অবৈধ মানৱ সৰবৰাহ, ড্ৰাগ্‌চ,সন্ত্ৰাসবাদ আদি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো  বিএমডিয়ে সেৱা আগবঢ়াই আহিছে ।

অত্যাধুনিক তথ্য আৰু প্ৰযুক্তিবিদ্যাৰে সমন্বিত বিএমডিয়ে প্ৰতিটো দেশ বিদেশৰ প্ৰতিটো ঘটনাৰ ওপৰত চোকা দৃষ্টি ৰাখি জাৰ্মান চৰকাৰক ডাঁৰৰ বাতৰি ডাঁৰে যোগাই থাকে ।

৩)চেণ্ট্ৰেল ইনটেলিজেঞ্চ এজেঞ্চি(চিআইএ )

 

আমেৰিকাকক বিশ্বৰ বৰককাই  হিচাবে গঢ়াত চিআইএৰ অপৰিসীম ভূমিকা আছে । যদিও আমেৰিকান চৰকাৰৰ NSA,DIA, FBI আদিকৰি বহুকেইটা চোৰাংচোৱা সংস্থা আছে  সকলোৰে ভিতৰত চিআইএক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় । দৰাচলতে চিআইএ হ’ল বিশ্বৰ ভিতৰত সৰ্ববৃহৎ আৰু সৰ্বশ্ৰেষ্ঠ চোৰাংচোৱা বাহিনী । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পোনপটীয়া নিৰ্দেশত কাম কৰা  এই বাহিনীটো যি কোনো এখন দেশৰ আৰ্থিক আৰু  ৰাজনৈতিক অৰ্ন্ত্বভাগতো জোকাৰণি তুলি দিব পৰাকৈ সক্ষমতা ৰাখে ।

১৯৪৭ চনৰ ১৮ চেপ্তেম্বৰত গঠিত হোৱা এই সংস্থাটোৰ প্ৰধানকৈ দেশ বিদেশে সিঁচৰতি হৈ থকা তেওঁলোকৰ নেটৱৰ্ক  সমূহৰ দ্বাৰা সন্দেহজনক ব্যক্তিসকলৰ গতি বিধিৰ ওপৰত নজৰ ৰখা । ইয়াৰ উপৰিও তেওঁলোকৰ ওপৰত ন্যস্ত আছে দেশখনলৈ আহিব পৰা যিকোনো বিপদ সংকেত আগতীয়াকৈ ধৰা পেলোৱাৰ দায়িত্ব । প্ৰয়োজনবোধে পৃথিৱীৰ যিকোনো প্ৰান্তত অত্যন্ত গোপনীয় অভিযান চলোৱাতো এই বাহিনীটো সিদ্ধহস্ত ।

৪) ৰিচাৰ্ছ এণ্ড এনালাইছিচ ৱিং ( ৰ )

 

১৯৬৮ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিচক্ষণতাৰ ফচল এই ভাৰতীয় চোৰাংচোৱা সংস্থাটো ।ৰিচাৰ্ছ এণ্ড এনালাইছিচ ৱিং ( ৰ )ক আজিৰ  তাৰিখত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ আৰু দুৰ্ধৰ্ষ চোৰাংচোৱা সংস্থা কেইটাৰ ভিতৰত ধৰা হয় । বৰ্হিৰাষ্ট্ৰৰ বিভিন্ন ৰাজনৈতিক পৰিঘটনা সমূহৰ ওপৰত ,দেশৰ ভিতৰ অথবা বাহিৰৰ পৰা আহিব পৰা সাম্ভাব্য ভাবুকি তথা আভ্যন্তৰীণ সন্ত্ৰাসবাদৰ  সৈতে মোকাবিলা কৰাই ইয়াৰ প্ৰধান কাম । সংস্থাটোৱে বিশেষকৈ চোকা নজৰ ৰাখে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ গতিবিধি ওপৰত । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ  পৰা পোনপটীয়া নিৰ্দেশত চলা “ৰ”ৰ বিশ্বজুৰি আছে এক বিশাল নেটৱৰ্ক । “ৰ”ৰ সদস্যসকলৰ প্ৰচণ্ড মানসিক দৃঢ়তা আৰু দুৰ্বোধ্যতাই শক্তিশালী শত্ৰুৰ মনতো ত্ৰাসৰ সঞ্চাৰ কৰে ।

৫) ইণ্টাৰ -চাৰ্ভিছ ইণ্টেলিজেঞ্চ  (আই এচ আই)

পাকিস্তানৰ আইএচআইৰ নাম নুশুনা ভাৰতীয় হয়তো খুৱ কমেইহে আছে । ইছলামাবাদৰ কাৰ্যালয়ৰ পৰা পৰিচালিত এই সংস্থাটো গঠিত হয় ১৯৪৮চনত ।পাকিস্তান চৰকাৰৰ মগজু হিচাবে বিখ্যাত এই সংস্থাটোৱে মূলতঃ পাকিস্তানৰ সুৰক্ষা বিষয়ক দিশসমূহ পৰ্যবেক্ষণ কৰে । পাকিস্তানৰ সুৰক্ষা সম্পৰ্কীয় বিষয়ত নিছিদ্ৰ তত্বাৱধানৰ বাবে আইএচআইৰ সুনাম আছে ।

 

 

 

ছোৱালীয়ে জানিব লগীয়া ল’ৰাৰ দহটা গোপন কথা

            topic2-cover

“ভগৱানেও নুবুজিলে তোমালোকৰ কথা” বুলি আমি যিমানেই আক্ষেপ নকৰোঁ কিয় , আমাৰ ল’ৰাবোৰৰো বহুতো গোপন কথা  থাকে ।বহুত সময়ত এইবোৰ কথা আমি তোমালোকক নকলেও বুজি পোৱাটো বিচাৰোঁ । খেলিমেলি অলপ থাকিবই দিয়াচোন । কথাতে কয় নহয় men are from mars women are from Venus বুলি । তথাপিও আগবঢ়ালো তোমালোকে নজনা আমাৰ কেইটামান গোপন কথা

১) হিংসা কৰাটো অকল তোমালোকৰহে জন্মস্বত্ব অধিকাৰ নেকি ? 

হিংসা আমাৰো লাগে জানা , যেতিয়া তুমি যেতিয়া আমাৰ সন্মুখতে বেলেগ কোনোবা লৰাক গুৰুত্ব দিয়া । লাগিলে সি মোৰ বেষ্ট ফ্ৰেণ্ডেই হওক বা কোনোবা জনপ্ৰিয় অভিনেতাই হওক । কিন্তু তুমি যেতিয়া মোক সকলোৰে সন্মুখত গুৰুত্ব দিয়া , মোক আদৰ কৰা , আৰু অন্যবোৰে মোক হিংসা কৰে মোৰ তেতিয়া খুউব ভাল লাগে ।

topic-2-jealous

২) তুমি দুচকুতে কাজল ললে ……

আমি প্ৰথম দৃষ্টিত তোমালোকৰ দৈহিক সুষমালৈ চকু দিওঁ । ৰৱা , কথাটো  উলোটাকৈ নাভাবিবা কিন্তু । তোমাৰ সুন্দৰ মিঠা হাঁহিটো আৰু  কলিজাত জুই লগোৱা চাৱনিৰে চকু হালি তোমাৰ দেহৰে অংশ নহয় জানো ?  “পাৰফেক্ট ফিগাৰ” আমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয় ।

           topic2-sexy-smile

৩) তুমি দুবাহুতে বাহু থলে …….

তুমি যেতিয়া আমি ক’ৰবালৈ গৈ থাকোতে মোৰ বাহুত ধৰি গৈ থকা ,মোৰ তেতিয়া খুব ভাল লাগে । তেতিয়া মোৰ নিজকে পৃথিৱীৰ সৰ্বশক্তিমান পুৰুষজন যেন লাগে । মই তোমাক ৰক্ষা কৰিব বিচাৰোঁ পৃথিৱীৰ সমস্ত অপশক্তিৰ পৰা ।

topic-2-hand-hold

৪) কোটি টকীয়া ফেণ্টাচিটো ! 

আমিও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ ভাল পাওঁ । অসভ্য , জানোৱাৰ বুলি তুমি যি নামেৰেই গালি নপৰা কিয় , স্বল্পবসনা বসনা এগালমান যুৱতীৰ মাজত এদিনৰ বাবে হ’লেও কৃষ্ণ হোৱাৰ সপোন এটা আমাৰ সকলো ল’ৰাৰে আছে । তেনেকুৱা স্বল্পবসনা বসনা সুন্দৰী এগালমান গোটাই কোনো সাগৰৰ পাৰ  এটাত উদ্দাম নৃত্য কৰি থাকিবলৈ বৰ ভাল লাগিব ন ?

topic-2-bikini-girls

৫) নীলা ৰঙৰ সত্যটো ….

আমাৰ ল’ৰাবোৰৰ  সকলোৰে নীলা ছবিবোৰৰ প্ৰতি এক স্বাভাৱিক দুৰ্বলতা আছে । সুবিধা পালেই লুকাই চোৰকৈ হ’লেও আমি এইবিধ চামেই চাম  । আচলতে তোমালোকৰ প্ৰতি থকা স্বাভাৱিক অনুসন্ধিৎসাৰ বাবেই আমি এইবোৰ  চাব বিচাৰোঁ । আৰু এইবোৰ চালে বেয়া পাঁও বুলি নক’বা কিন্তু ।তোমালোকেতো এইবোৰ চোৱাত আমাৰ কোনো অকণো আপত্তি নাই ।

topic2-porn

 ৬) লাজ কিয় লাগে …..

তুমি  মোৰ সৈতে থকা প্ৰেমৰ নিৰ্ভৃত মুহূৰ্ত বোৰত মই তোমাক একুৰা জুই  হৈ থকাতো বিচাৰোঁ । মানিললোঁ লাজ নাৰীৰ আভূসণ , কিন্তু আমাৰ নিবিড় মুহূৰ্ততো তুমি তেনেদৰে থকাটো মোৰ কাম্য নহয় ।

topic2-orgasm

৭)  অকোৱা-পকোৱা তোৰ মনৰে ভাষা ।

তোমালোকৰ ইংগিতধৰ্মী কথাবোৰ বুজিবলৈ আমি বৰ  আহুকাল পাওঁ । তোমালোকৰ ” কোৱা কিবা এটা আৰু বুজোৱা কিবা এটাৰ”  পৃথিৱীখন আমাৰ বাবে  অতিকৈ জটিল । কিবা ক’ব থাকিলে আমাক চিধাচিধিকৈ আৰু  স্পষ্টকৈ ক’বা প্লীজ ।

topic2-confused-boy

৮)কথা পাহৰাটো আমাৰ জন্মস্বত্ব 

তুমি যিমানেই গালি নিদিয়া কিয় আমি কথা পাহৰিমেই । নিজৰ জন্মদিনটোকেই পাহৰি থাকোঁ , তোমাৰটো নো কেনেকৈ মনত ৰাখো । বজাৰৰ লিষ্টখনৰ পৰাই বস্তু পাহৰো ,হ’ব দিয়া কালিলৈ আনি দিম ।

topic2-ashamed-guy

৯) আমি গোপনীয়তা ৰাখিব জানোঁ ।

হ’ব  পাৰা তুমি মোৰ প্ৰিয়তম বন্ধু জনৰ প্ৰেয়সী , তথাপিও তাৰ যদি দোষৰ কথা তুমি মোক সোধা ,মই কেতিয়াও তোমাক সঁচা কথা নকওঁ । লাগিলে সেয়া সি বেলেগ ছোৱালীৰ লগতো সম্পৰ্ক ৰখাৰ কথাই  নহওক কিয় ? যদিহে  কোনোবা ল’ৰাই তোমাক  এই সম্পৰ্কে সঁচা কথা কৈ দিয়ে জানিবা তাৰ অন্তৰত তোমাৰ প্ৰতি ক’ৰবাত অকণমান দুৰ্বলতা আছে ।

topic2-agirl-2-boy

 

১০) আমি উগ্ৰতাৰ নহয় , স্নিগ্ধতা আৰু সৌম্যতাৰ হে পূজাৰী

আমি যিমানেই উগ্ৰ মেকআপ কৰা বা চুটি কাপোৰ পিন্ধা যুৱতীক লৈ বাইক,ৰেষ্টুৰেণ্টত ঘুৰি ফুৰিলেওঁ , জীৱন সংগী হিচাবে  এগৰাকী সৌম্য নাৰীক হে কল্পনা কৰোঁ ।উগ্ৰ সৌন্দৰ্যই আমাক ক্ষণিকৰ বাবে আমাক আকৰ্ষিত কৰিলেও স্নিগ্ধতা আৰু সৌম্যতাই আমাক সৰ্বদা বিমোহিত কৰি আহিছে । দিনটো বহু নাৰীৰ লগত ফ্লাৰ্ট কৰি কৰি ফুৰিলেও নিশা শোৱাৰ আগতে তোমাৰ কথাহে মনলৈ আহে । তোমাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ পাহৰিব পাৰোঁ , কিন্তু তোমাক ভাল পাবলৈ কোনোদিনেই  নাপাহৰোঁ । তুমি যে মোৰ ভালপোৱাৰ পৃথিৱী ।

topic-2-love-bird

যৌনতা আৰু ভাৰতীয় সমাজ(১)

শিৰোনামটো দেখি বহু লোক হয়তো উচাপ খাই উঠিব পাৰে । যৌনতা সম্পৰ্কীয় মুক্ত  আলোচনা ৰক্ষণশীল ভাৰতীয় সমাজৰ বাবে এক উদ্ভূত ধাৰণা বুলি কলেও বোধহয়  অত্যুক্তি কৰা নহ’ব । আমি সাধাৰণতে এই বিষয়টোৰ প্ৰতি লোকচক্ষুৰ আগত এক ধৰণৰ  আগ্ৰহহীন ভাব দেখুৱাবৰ চেষ্টা কৰোঁ । কোনোবাই ক’ৰবাত এই বিষয়ত কিবা-কিবি উত্থাপন কৰিবলৈ যত্ন কৰিলেও সমাজ আৰু  সংস্কাৰৰ দোহাই দি তাক অৱহেলিত চকুৰে চোৱা হয় । এই বিষয়ত আমাৰ পুৰুষ সকলৰ ক্ষেত্ৰত সমাজখন কিঞ্চিৎ নৰম  হ’লেও নাৰী সকলৰ ক্ষেত্ৰত কিন্তু সদায়ে কঠোৰ দৃষ্টিভংগী পোষণ কৰি আহিছে । মুক্ত ভাবে যৌনতাৰ কথা কোৱা এগৰাকী নাৰীক “চৰিত্ৰহীন”ৰ লেবেল লগাবলৈ সমাজৰ তথাকথিত নেতা সকলৰ এক লহমা সময়ো নালাগে ।

কিন্তু যৌনতাক হীন দৃষ্টিৰে চোৱা আমাৰ ৰক্ষণশীল ভাৰতীয়  মানসিকতা আচলতে কিমানদুৰ যুক্তিযুক্ত ? যৌনতা সম্পৰ্কীয় কথাবোৰৰ প্ৰতি  সঁচাকৈয়ে আমাৰ সংস্কৃতি আৰু সভ্যতাই বিৰাগ ভাব পোষণ কৰে নেকি ? যি সময়ত বৰ্তমানৰ উন্নত পশ্চিমীয়া দেশ সমূহ  অজ্ঞানতাৰ অন্ধকাৰতে নিমজ্জিত আছিল সেই সময়তেই ভাৰতত  ৰচনা কৰা হৈছিল “কামসূত্ৰ”ৰ দৰে উন্নত যৌন বিসয়ক গ্ৰন্থ । নিৰ্মিত হৈছিল “খজুৰাহো”ৰ দৰে বিশ্ববিশ্ৰুত যৌনতাকেন্দ্ৰিক স্থাপত্য । অথবা শাস্ত্ৰত বৰ্ণিত ৰম্ভা,মেনকাৰ দৰে অপেশ্বৰী সকল । এইসমূহৰ পৰা আমি এটা কথাই অনুধাৱন কৰিব পাৰো সেই সময়ৰ  সমাজখন এতিয়াৰ ভাৰতীয় সমাজ খনতকৈ অন্ততঃ  যথেষ্ট খোলা মেলা আৰুূ বহুল  আছিল । তেওলোকে যৌনতাক কলাৰ  পৰ্যায়লৈ উত্তৰণ ঘটাইছিল । weeping-maneka

এতিয়া প্ৰশ্ন হয় যৌনতা সম্পৰ্কত আমি কেতিয়াৰে পৰা আমি ইমান নিৰুদ্বেগতা  প্ৰদৰ্শন কৰিব ললো , কেতিয়াৰ পৰা  যৌনতা আৰু অশ্লীলতা সমাৰ্থক কৰি পেলোৱা হ’ল । বিশেষজ্ঞ সকলে এই ক্ষেত্ৰত য কেইবা শতিকাজোৰা কট্টৰ  মোগলৰ শাসন তথা পিউৰিটান ব্ৰিটিছ সকলৰ শাসন ইয়াৰ অন্যতম কাৰণ হিচাবে আঙুলিয়াই ।মোগল শাসনৰ সময়তে ভাৰতত প্ৰবেশ কৰা পৰ্দা প্ৰথাই এই ক্ষেত্ৰত প্ৰথমটো আঘাত হানে । যৌনতাসম্পৰ্কীয় চচিন্তাধাৰাত উদাৰ ভাৰতীয় মানসিকতা বহুলানশ সংকুচিত হৈ পৰে পৰ্দা প্ৰথাৰ আগমনৰ লগেলগেই । মোগল শাসনৰ উত্তৰসুৰী  ব্ৰিটিছৰ আমোলত  প্ৰাচ্য সংস্কৃতিক  নিকৃষ্ট দেখুৱাবৰ বাবেই  কৌশলগত ভাবে  যৌনতা সম্পৰ্কীয় ভাৰতীয় দৰ্শনক “বাৰবাৰিক” হিচাবে অভিহিত কৰা হয় । বিশেষকৈ Victorian Values সমুহ প্ৰচাৰ কৰাৰ স্বাৰ্থত তেওঁলোকৰ পৃষ্ঠপোষকতাত সৃষ্টি কৰা  ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ আদিয়ে এই ক্ষেত্ৰত আগভাগ লৈছিল । ইয়েই ভাৰতীয় সকলৰ ৰাজহুৱা তথা ব্যক্তিগত জীৱনত এক  সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলালে । যৌনতা আমাৰ বাবে হৈ পৰিল এক নিষিদ্ধ  বিষয় । কিন্তু যি ভিক্টোৰিয়ান প্ৰমূল্যবোধৰ দোহাই দি ভাৰতীয় যৌনতা সম্পৰ্কীয় চিন্তাধাৰাক অশ্লীল আখ্যা দিয়া হৈছিল , সেই  প্ৰমূল্যবোধ আজি নিজৰ জন্মঠাইতে বিস্মৃতিৰ গৰ্ভত ।

যৌনতা সম্পৰ্কীয় সুস্থ চিন্তাৰ এক অতীৱ প্ৰয়োজনীয়তা আহি পৰিছে । ক্ৰমশঃ বাঢ়ি অহা যুৱ উশৃংখলতা ,ধৰ্ষণ , শিশু ধৰ্ষণ আদিৰ দৰে ঘটনাৰ মূল কাৰণ প্ৰয়োজনীয় যৌনজ্ঞানৰ অভাৱ বুলি ইতিমধ্যে সমাজ বিজ্ঞানী সকলে মত পোষণ কৰিছে ।  কৌতূহল মানুহৰ সহজাত স্বভাৱ ।কৌতূহলৰ বশৱৰ্তী হৈয়ে সাধাৰণতে উঠি অহা যুৱচামে আশ্ৰয় লয় ইন্টাৰনেটত সহজলভ্য পৰ্ন চাইট সমূহৰ । ই হিতে বিপৰীত প্ৰভাৱ পেলাই । ই তেওঁলোকৰ মানসিকতাক ৰুগ্ন কৰি পেলাই । শৰীৰ সৰ্বস্বতাই তেওঁলোকে বাবে যৌনতা হৈ পৰে । ইয়াৰ একমাত্ৰ প্ৰতিকাৰ হৈছে তেওঁলোকক  উপযুক্ত যৌন শিক্ষাৰে শিক্ষিত কৰা । কিন্তু তাক কৰিব লাগিব আমাৰ প্ৰচলিত প্ৰমূল্যবোধৰ সৈতে সামঞ্জস্য ৰাখি । প্ৰখ্যাত লেখক চেতন ভগতৰ ভাষাৰে  This does not mean we should open the floodgates and make it an ‘anything-goes’ society. However, we need to refresh our societal values around sex. The traditional vs modern balance needs to shift a little towards the modern, and be more suited to current times. Else, the problems and hypocrisy related to sex will never go away.